top of page

Stay Up-to-Date with Alumni schschool@gmail.com

Thank you for subscribing!

Latest News and Events

Worker with Ladder

About the School

IMG-20240312-WA0017.jpg

প্ৰধান শিক্ষকৰ একলম

                              ইন্দ্ৰ বাহাদুৰ ছেত্ৰী

প্ৰথমে যি সকল শুভাকাংক্ষীয়ে আমাৰ এই সন্তপুৰ চিলাপথাৰ অঞ্চলত ১৯৮৩ চনত সন্তপুৰ চিলাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক দিশৰ উত্তৰণ ঘটালে সৰ্ব প্ৰথমে তেখেতসকলক প্ৰণিপাত জনাইছোঁ। সেই সময়ৰ প্ৰধান শিক্ষক শ্ৰীযুত যোগেন চন্দ্ৰ বৰা দেৱৰ নেতৃত্বত ১/১/১৯৮৯ চনত হিন্দী শিক্ষক হিচাপে পঠাদান আৰম্ভ কৰো। সময়ৰ গতিত ১/৮/১৯৯৫ তাৰিখে চৰকাৰীকৰণ হয় আৰু তেতিয়াৰ পৰা ৩১/৭/২০২০ তাৰিখলৈকে হিন্দী শিক্ষক হিচাপে শিক্ষকতা কৰো।

 

বিগত ১/৮/২০২০ তাৰিখৰ পৰা মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰো। দায়িত্ব গ্ৰহণ কৰাৰ পাছতে বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ এসময়ত দুটা শ্ৰেণীৰ বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত একত্ৰীকৰণ পৰ্যায় পাইছিল কিন্তু গাঁৱৰ শৈক্ষিক সমাজ, প্ৰাক্তন ছাত্ৰ সমাজৰ সহযোগত   মধ্য ইংৰাজী বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি আমাৰ অঞ্চলত শৈক্ষিক দিশ ৰক্ষা কৰে। সেই সম্পৰ্কত সদায় মই চিৰ কৃতজ্ঞ থাকিম।

ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাৰে শিক্ষিত কৰি সমাজ ত থা দেশৰ একোজন দায়িত্বশীল নাগৰিক হিচাবে গঢ় দিয়াতোৱেই একোখন বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য। সন্তপুৰ চিচাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই শক্তি অন্তৰ্নিহিত হৈ আছে বুলি মই ভাবো। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ আন্তৰিকতা প্ৰেৰণা উৎসাহেৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত কৰি যি মহৎ আদৰ্শ দেখুৱাব বিচাৰিছে তাৰ বাবে মোৰ তৰফৰ পৰা অভিনন্দন জনালোঁ। শেষত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ একতা ভাবে বিদ্যালয়ৰ উন্নতিৰহকে কাম কৰি শৈক্ষিক দিশ আগবঢ়াই নিয়াত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

----------------------- X -------------------------e.

Follow Us on Social Media

  • Facebook
  • Instagram
  • Twitter
  • Pinterest

Subscribe to Our Newsletter

Thank you for subscribing!

Featured Resources

IMG-20240315-WA0013.jpg

Our website offers a wide range of educational resources, including study guides, lesson plans, and interactive activities. Click here to explore our featured resources.

Contact
Stationary photo
bottom of page